প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা

 
প্ৰধানমন্ত্ৰী-মুদ্ৰা-যোজনা
প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা



প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা


ভাৰত চৰকাৰৰ আন এখন অতি গুৰুত্বপূৰ্ণ আঁচনি হৈছে-"প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা।"

এই আঁচনিৰ যোগেদি সৰু সৰু গোট,সৰু সৰু ব্যৱসায়ী,খেতিৰ বাহিৰে যিকোনো ব্যৱসায়.অংশীদাৰীত্ব প্ৰতিষ্ঠান আদি চলাই থকা বা আৰম্ভ কৰিব বিচৰা ব্যক্তি সকললৈ বিভিন্ন ৰাজহুৱা,প্ৰাইভেট বেংক তথা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ যোগেদি ঋণ দিয়া হ'য়।

❌অৱশ্যে মুদ্ৰা ঋণৰ নামত কাৰোৰ পৰা নিজা ববীয়াকৈ ঋণ দিয়া নহয়।

আঁচনি খনত ঋণ গ্ৰহণকাৰী সকলক তলত দিয়া ধৰনে ভাগ কৰি ঋণ দিয়াৰ ব্যৱস্থা কৰা হৈছে-

১. শিশু - ৫০ হাজাৰ টকালৈ

২. নাবালক -৫০ হাজাৰৰ পৰা ৫ লাখলৈ

৩. তৰুণ - ৫ ৰ পৰা ১০ লাখলৈ

৪. তৰুণ প্লাছ - তৰুণত লোৱা লোণ পৰিশোধ কৰা সকললৈ ২০ লাখ টকাকৈ ঋণ দিয়া হ'য়।

কিন্তু এই মুদ্ৰা ঋণ লবলৈ কোনো বেংকত লোণ থকা হ'ব নালাগিব।

মুদ্ৰা ঋণ কোনে ল'ব পাৰিব-

👉যি কোনো ব্যক্তি

👉নিজাববীয়া প্ৰতিষ্টান

👉অংশীদাৰী প্ৰতিষ্ঠান

👉ৰাজহুৱা কোম্পানী

👉প্ৰাইভেট কোম্পানী

👉আন যি কোনো আইনী ফাৰ্ম।

প্ৰয়োজনীয় নথিপত্ৰ-

🌟আধাৰ কাৰ্ড

🌟পান কাৰ্ড

🌟পাছবুক

🌟বেংকৰ আপত্তি বিহীন প্ৰমাণ পত্ৰ

🌟ঠিকনাৰ প্ৰমাণ পত্ৰ

🌟শিক্ষাগত অৰ্হতা(যদি আছে) ইত্যাদি।

আবেদন-

মূদ্ৰা ঋণৰ বাবে আবেদন কৰিবলৈ তলৰ লিংকটোত ক্লীক কৰি ছাইটোৰ নিৰ্দেশনা অনুযায়ী আবেদন কৰক-

https://www.mudra.org.in



Post a Comment

0 Comments