![]() |
| কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা(ATMA) আঁচনি |
কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা আঁচনি
ভাৰত চৰকাৰৰ কৃষি বিভাগৰ গতিশীল বৈজ্ঞানিক পদ্ধতিৰ কৃষিকৰ্মৰ "কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা(ATMA)" এক অতি গুৰুত্বপূৰ্ণ আঁচনি।
এই আঁচনিৰ দ্বাৰা কৃষকক কৃষিৰ ওপৰত আৱিস্কাৰ হোৱা সেহতীয়া তথ্য যোগান ধৰি উন্নত মানৰ কৃষি পদ্ধতি ব্যৱহাৰ কৰি অধিক উপাৰ্জনৰ বাবে উৎসাহিত কৰা হ'য়।
আঁচনি খনৰ মাধ্যমেৰে গাওঁ তথা জিলা ভিত্তিত উন্নত মানৰ প্ৰশিক্ষণ স্থানীয় ব্লকৰ যোগদি দিয়াৰ ব্যৱস্থা কৰি ভাৰতৰ কৃষি পদ্ধতিক উচা মানৰ কৰিব বিছৰা হৈছে।
বিশেষকৈ কৃষিৰ লগত জড়িত আধুনিক যন্ত্ৰপাতি.খেতি কৰাৰ নিয়ম, কৃষি সামগ্ৰী সংৰক্ষণ বিক্ৰী কৰাৰ কৌশলৰ ওপৰত চমু তথা উৎকৃষ্ট মানৰ প্ৰক্ষিশণ কৃষক সকলক দিয়া হ'য়।
উক্ত প্ৰশিক্ষণ লবলৈ হ'লে গাওঁৰ কৃষক বন্ধু বা পঞ্চায়ত কৰ্মী বা ওচৰৰ ব্লক অথবা জিলা পৰ্যায়ৰ কৃষি বিভাগৰ লগত যোগাযোগ কৰিব পাৰে।
মনত ৰাখিব লগীয়া কথা যে কৃষি বিভাগে সময়ে সময়ে বিভিন্ন কৰ্মশালা অঞ্চল অনুযায়ী অনুস্থিত কৰি থাকে।

0 Comments