
প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা
প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা

ভাৰতৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলা সকলক বিনামূলীয়াকৈ নতুন ৰন্ধন গেছ যোগান ধৰাৰ আঁচনিয়েই হৈছে-"প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা"।
এই নতুন গেছ সংযোগত চৰকাৰৰ ফালৰ পৰা গেছৰ ছিলিণ্ডাৰ,ৰেগুলেটৰ,বাৰ্ণাৰ,গেছৰ বহী,গেছৰ পাইপ আদি সমস্ত ছেটটো যোগ্য হিতাধিকাৰীক বিনামূলীয়াকৈ যোগান ধৰা হ'য়।
কোনে কোনে ফ্ৰী গেছ পাব-
⭐মহিলা গৰাকী ভাৰতীয় নাগৰিক হ'ব লাগিব
⭐১৮ বছৰৰ ওপৰৰ হ'ব লাগিব
⭐ৰেছন কাৰ্ড থাকিব লাগিব
⭐প্ৰধানমন্ত্ৰী আৱাস গৃহ
💯ঘৰত কাৰোৰে গেছ থাকিব নোৱাৰিব।
লাগতিয়াল কাগজ পত্ৰ-
👉আধাৰ কাৰ্ড
👉বেংকৰ পাছবুক
👉কেৱাইচি
👉পৰিয়ালৰ আন সদস্যৰ আধাৰ কাৰ্ড
👉ঠিকনাৰ প্ৰমাণ পত্ৰ
👉ৰেছন কাৰ্ড আদি।
আবেদন কেনেকৈ কৰিব-
স্থানীয় গেছ এজেন্সী বা পঞ্চায়তৰ সদস্য নতুবা কাউন্সিলাৰৰ যোগদিও কৰিব পাৰে। নহলে তলত দিয়া লিংকটোৰ সহায়ত পোনে আবেদন কৰিব পাৰে।
pmuy.gov.in
🤨মনত ৰাখিব চৰকাৰৰ ফালৰ পৰা গেছ ছেটটোৰ লগতে গেছ ভৰ্তি চিলিণ্ডাৰ দিয়ে যদিও পিছৰ মাহৰ পৰা গেছ কিন্তু নিজেই ভৰাব লাগিব।
0 Comments