স্বামী বিবেকানন্দ অসম যুৱ সৱলীকৰন আঁচনি

স্বামী-বিবেকানন্দ-অসম-যুৱ-সৱলীকৰন-আঁচনি
স্বামী বিবেকানন্দ অসম যুৱ সৱলীকৰন আঁচনি



স্বামী বিবেকানন্দ অসম যুৱ সৱলীকৰন আঁচনি


"স্বামী বিবেকানন্দ অসম যুৱ সৱলীকৰন(SVAYEM)" আঁচনিৰ অধিনত নতুন উদ্যোগ স্থাপন,ব্যৱসায় আদিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত অসম চৰকাৰে জিলা উদ্যোগ কেন্দ্ৰ আৰু বেংকৰ সহযোগত উদ্যমী যুৱক-যুৱতী সকললৈ আৰ্থিক সাহায্য আগবঢ়ায়।

এই আঁচনিৰ অধিনত বিশেষকৈ তলত দিয়া ধৰনৰ নতুন-পুৰণা বিষয় কেইটাক সামৰি লয়-

যেনে-


১. উৎপাদন

২. প্ৰক্ৰিয়াকৰণ

৩. সেৱা খণ্ড(CSC ইত্যাদি)

৪. ব্যৱসায়

৫. গ্ৰাম্য পৰিবহন

৬. পৰ্যটন

৭. দোকান,মেৰামতি কেন্দ্ৰ,হস্তশিল্প,কুটিৰ শিল্প ইত্যাদি।

আঁচনি খনৰ বাবে মূখ্য যোগ্যতা হৈছে-


👉অসমৰ স্থায়ী নাগৰিক হ'ব লাগিব

👉বেংকত লোণ থাকিব নালাগিব

👉চৰকাৰৰ অন্যান্য আঁচনিত অন্তৰ্ভুক্ত হৈ থকা হ'ব নালাগিব।

👉তাৰোপৰি Skill Development পাঠ্যক্ৰমৰ প্ৰাৰ্থী আৰু গোটক অগ্ৰাধিকাৰ দিয়া হ'ব।

আঁচনিখনৰ সুবিধা-


👉ব্যক্তিগত ভাৱে ৫০ হাজাৰ টকা

👉৫ জনীয়া গোটক ২.৫০ লাখ 

👉আৰু ১০ জনীয়া গোটক ৫ লাখ টকা দিয়াৰ ইয়াত ব্যৱস্থা আছে

⭐ইয়াৰে মুঠ ধনৰ ২০% ৰাজসাহায্য থাকিব বাকী ৬০ % বেংকৰ ঋণ পিচাপে ধৰা হ'ব।

⚡গোটৰ সদস্য কিন্তু ২০ জনৰ অধিক হ'ব নোৱাৰিব।

লাগতিয়াল নথিপত্ৰ-


👉আধাৰ কাৰ্ড

👉পান কাৰ্ড

👉ঠিকনাৰ প্ৰমাণ পত্ৰ

👉আগতীয়া উদ্যোগ ব্যৱসায় থাকিলে তাৰ বিৱৰন

👉বেংকৰ আপত্তি বিহীন প্ৰমাণ পত্ৰ

👉প্ৰশিক্ষণ থাকিলে তাৰ প্ৰমাণ পত্ৰ

👉গোট থাকিলে গোটৰ সেহতীয়া প্ৰতিবেদন তথা গোটৰ পঞ্জীয়নৰ নথি

👉বেংকৰ পাছবুক 

👉মবাইল নাম্বাৰ আদি।

আবেদন কেনেকৈ কৰিব-


জিলা বা ৰাজ্যিক বাণিজ্য আৰু উদ্যোগ বিভাগে নিদিষ্ট সময়ত দিয়া বিজ্ঞাপনৰ পিছতেহে অনলাইন যোগে SVAYEMৰ অফিচিয়েল ওৱেবছাইটৰ মাধ্যমেৰে আবেদন কৰিব পাৰিব।

Post a Comment

0 Comments