অন্ত্যোদয় অন্ন আঁচনি

 
অন্ত্যোদয়-অন্ন-আঁচনি
অন্ত্যোদয় অন্ন আঁচনি



অন্ত্যোদয় অন্ন আঁচনি


অতি দৰিদ্ৰ পৰিয়ালক মাহে ৩৫ কেজিকৈ খাদ্য সামগ্ৰী সুলভ মূল্যত যোগান ধৰায়েই-"অন্ত্যোদয় অন্ন আঁচনি"।

২০০০ চনৰ পৰা চলি থকা অন্ত্যোদয় অন্ন আঁচনি বিপিএলৰ ৰেছন কাৰ্ড থকা হিতাধীকাৰীৰ মাজৰ পৰা অতিকৈ দুখীয়া লোক সকলক "অন্ত্যোদয় অন্ন আঁচনি(AAY)" ৰ অধিনত বাছনি কৰা হ'য়।

AAYত প্ৰতি কেজি চাউলত ৩ টকা আৰু প্ৰতি কেজি ঘেঁহুত ২ টকাকৈ মুঠ ৩৫ কেজি খাদ্য সামগ্ৰী স্থানীয় সুলভ মূল্যৰ দোকানৰ যোগেদি জিলা খাদ্য আৰু যোগান পৰিক্ৰমা বিভাগে হিতাধীকাৰীৰ মাজত বিতৰন কৰে।

এই আঁচনিৰ ৰেছন কাৰ্ড পাবলৈ হ'লে-

দৰিদ্ৰ সীমাৰেখাৰ তলৰ হ'ব লাগিব

খেটিৰ মাটি থাকিব নালাগিব

পূৰ্বতে এনে ৰেছন কাৰ্ড থাকিব নালাগিব

বেছি শিক্ষা থাকিব নালাগিব

বছেৰেকীয়া উপাৰ্জন ১৫০০০ টকাৰ বেছি হ'ব নালাগিব

বিধৱা/৬০ বছৰৰ ওপৰত লোক/চাকৰি নথকা/সৰু-সুৰা ব্যৱসায় বা দিন হাজিৰা লোকেই এই কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব।

ইয়াৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ-

আধাৰ কাৰ্ড

ভোটাৰ কাৰ্ড

বেংকৰ পাছবুক(যদি আছে)

ঠিকনাৰ প্ৰমাণ(যি কোনো)

বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ

আগতে ৰেছন কাৰ্ড নাই বুলি কৰ্টৰ পৰা উলিওয়া শপতনামা

দৰিদ্ৰ সীমা ৰেখাৰ হ'য় দিয়া গাওঁবুঢ়াৰ প্ৰমাণ পত্ৰ আদি।

আবেদন-

অন্ত্যোদয় অন্ন আঁচনিৰ বাবে অনলাইন বা অফলাইন দুয়োটা নিয়মেৰে আবেদন কৰিব পাৰি।

নিজৰ মবাইলৰ পৰা ত ক্লীক কৰি নতুবা ওচৰৰ চিএছচি চেণ্টাৰৰ যোগে অনলাইন কৰিব পাৰে।

আনহাতে পঞ্চায়তৰ সদস্য বা কাউঞ্চিলাৰৰ যোগেদি অফলাইনত নিদিষ্ট ফৰ্ম ভৰ্তি কৰি আবেদন কৰিব পাৰে।


#অন্ত্যোদয়অন্নআঁচনি


Post a Comment

0 Comments