স্বহীদ কোশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি

 
স্বহীদ-কোশল-কোঁৱৰ-বৃদ্ধ-পেঞ্চন-আঁচনি
স্বহীদ কোশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি


স্বহীদ কোশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি


অসমৰ তেতিয়াৰ মূখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই মহাত্মা গান্ধীৰ জন্মজয়ন্তী,২০১৮ চনৰ ২ অক্টোবৰত " স্বহীদ কোশল কোঁৱৰ বৃদ্ধ পেঞ্চন" খন অসমত শুভাৰাম্ভ কৰে।

অসমৰ দুখীয়া বৃদ্ধ সকলক মাহত কিছু পইছা দি জীয়াই থকাৰ সুবিধা দিয়াৰেই আঁচনি খনৰ মূল লক্ষ্য।

ইয়াৰ বাবে ব্যক্তিজন--

৬০ বছৰৰ ওপৰৰ হ'ব লাগিব

দৰিদ্ৰ সীমাৰেখাৰ ভিতৰৰ হ'ব লাগিব

অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব

কোনে ইয়াৰ সুবিধা নাপাব-

ঘৰত কাৰোবাৰ চাকৰি থাকিলে

অন্যান্য কোনো আঁচনিৰ লোন লোৱা থাকিলে

২ লাখ ৫০ টকাৰ ওপৰৰ আয় থাকিলে বা ইনকাম টেস্ক দিয়া হ'লে আদি।

ইয়াৰ বাবে আবেদন কেনেকৈ কৰিব-

গাওঁৰ ক্ষেত্ৰত পঞ্চায়ত সদস্য আৰু নগৰৰ ক্ষেত্ৰত কাউঞ্চিলাৰৰ সহযোগত অ'নলাইন বা কাগজ-পাতি পঞ্চায়ত সদস্য বা কাউঞ্চিলাৰক জমা দিও কৰিব পাৰে।

আবেদনৰ বাবে লাগতিয়াল নথি হৈছে-

বয়সৰ প্ৰমাণ পত্ৰ

ঠিকনাৰ প্ৰমাণ পত্ৰ

বেংকৰ পাছবুক 

আয়ৰ প্ৰমাণ পত্ৰ

মবাইল নম্বৰ আদিয়েই প্ৰধান।

মন কৰিব যোগ্য বুলি বিবেচিত হ'লে নিজে নিজেই আপোনাৰ বেংক একাউণ্টত মাহিলী ২৫০ টকাকৈ সোমাই থাকিব।

Post a Comment

0 Comments