![]() |
| খাদ্য সুৰক্ষা আঁচনি |
খাদ্য সুৰক্ষা আঁচনি
"খাদ্য সুৰক্ষা" আঁচিখনৰ যোগেদি দেশৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক ৰেছন কাৰ্ডৰ যোগেদি বিনামূলীয়া খাদ্য সামগ্ৰী যোগান ধৰা হ'য়।
২০১৩ চনতে ভাৰত চৰকাৰে "ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন" বলবৎ কৰি এতিয়ালৈকে স্থানীয় সুলভ মূল্যৰ দোকানৰ যোগদি হিতাধীকাৰীক বিনামূলীয়াকৈ খাদ্য সামগ্ৰী ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ যোগেদি যোগান ধৰি আহিছে।
ভাৰতৰ আন ৰাজ্যত বিভিন্ন লাগতিয়াল খাদ্য সামগ্ৰী দি থকাৰ বিপৰীতে অসমত ৰেছন কাৰ্ড থকা পৰিয়ালৰ প্ৰতিজনকে মাহত ৫ কেজিকৈ চাউলহে দি থকা হৈছে।
অৱশ্যে অক্টোবৰত অসমত চাউলৰ লগতে চেনি,মিঠাতেল,দাইল আৰু নিমস দিয়াৰ কথা আছে।
ৰেছন কাৰ্ড কোনে কোনে পাব-
👉অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব
👉দৰিদ্ৰ সীমা ৰেখাৰ ভিতৰ হ'ব লাগিব
👉বছেৰেকত ৪ লাখ ৫০ হাজাৰ আয়ৰ চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিয়াল।
ইয়াৰ বাবে প্ৰয়োজনীয় নথি পত্ৰ-
🌟ভোটাৰ কাৰ্ড
🌟আধাৰ কাৰ্ড
🌟বেংক পাছবুক
🌟আয়ৰ প্ৰমাণ পত্ৰ আদি।
আবেদন কেনেকৈ কৰিব-
গাওঁ পঞ্চায়তৰ সদস্য বা নগৰ হ'লে কাউঞ্চিলাৰৰ যোগেদি আবেদন কৰিব পাৰে। নতুবা আজিকালি নতুনকৈ গঠন হোৱা সমজিলাৰ যোগান বিভাগত লাগতিয়াল নথি পত্ৰ লৈ নিজেই আবেদন কৰিব পাৰে।
উল্লেখযোগ্য যে ৰেছন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ অসমত এতিয়ালৈকে অনলাইনৰ ব্যৱস্থা কৰা হোৱা নাই।
চাব,যাতে যোগান বিভাগে দিয়া ফৰ্মখন লিখোতে যাতে ভূল নহয়।

0 Comments