সাৰথি আঁচনি

 
সাৰথি-আঁচনি
সাৰথি আঁচনি


সাৰথি আঁচনি


অসম চৰকাৰৰ আন এখন গুৰুত্বপূৰ্ণ আঁচনি হৈছে-মূখ্যমন্ত্ৰীৰ সাৰথি মানে ষ্ট্ৰাট আপ আঁচনি।

এই আঁচনিৰ অধীনত নতুন উদ্যোগ স্থাপনৰ বাবে আগ্ৰহী ব্যক্তিক ১০ লাখ পৰ্য্যন্ত ঋণ দিয়াৰ ব্যৱস্থা আছে। সুতৰ ৫% নিৰ্ধাৰন কৰা হৈছে।

বৰ্তমানে অসম চৰকাৰে অসম গ্ৰামীণ বিকাশ বেংকৰ যোগে ঋণ দিয়াৰ ব্যৱস্থা কৰিছে যদিও পাছলৈ আন ৰাষ্ট্ৰীয় বেংকত এই আঁচনি খনক অন্তৰ্ভূক্ত কৰাৰ লক্ষ্য লৈছে চৰকাৰে।

সাৰথিৰ অন্তৰ্গত ব্যৱসায়ৰ প্ৰাৰম্ভিক খৰছ ১৫% দিয়াৰ ব্যৱস্থা আছে।

এই আঁচনিৰ অধীনত ঋণ পাবলৈ হ'লে-

১. নতুন উদ্যোগ থাকিব লাগিব,

২. এম এছ এম ই বা আন গোট থাকিব লাগিব,

৩.বেংকত ঋণ থাকিব নোৱাৰিব,

৪. স্কীল ট্ৰেইনিং দিয়া আবেদনকাৰীক বিশেষভাৱে প্ৰাধান্য দিয়া হ'ব।

লাগতিয়াল নথিপত্ৰ-

👉Identity Proof- যিকোনো চৰকাৰী প্ৰমাণ যোগ্য হ'ব।

👉Address Proof- লাইটৰ বিলকে ধৰি যিকোনো।

👉Trade Licence- ME-I আধাৰ নম্বৰৰ সৈতে।

👉ব্যৱসায়ৰ বিৱৰন- সম্ভাব্য লাভ-লোকচান।

👉শিক্ষাগত অৰ্হতা।

👉বয়স ইত্যাদি।

অৱশ্যে লেনদেন কৰি থকা বেংকৰ পৰা এখন NOC আবেদনৰ লগত দিলে এটা প্লাছ পইণ্ট হৈ থাকিব।

আবেদন-

সাৰথিৰ বাবে আবেদন কৰিবলৈ জিলা উদ্যোগিক কেন্দ্ৰৰ যোগে আবেদন কৰিব পাৰিব। ইয়াত ক্লিক কৰি ফৰ্মখন চাই লওঁক লগতে সবিশেষ জানি লওঁক।


Post a Comment

0 Comments