![]() |
| ফটো-ছেণ্টিনেলআছাম |
অসম আৰোগ্য নিধি
ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু অসম চৰকাৰৰ স্থাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ প্ৰস্তুত কৰা এখন অন্যতম গুৰুত্বপূৰ্ণ আঁচনি।
বছেৰেকীয়া আয়ৰ ৫ লাখ টকা কম হোৱা পৰিয়ালৰ যিকোনো ব্যক্তিৰ উন্নত চিকিৎসাৰ বাবে এই আঁচনিখন বিশেষকৈ লেখত লবলগীয়া।
এই আঁচনিত ভাৰত চৰকাৰৰ ৫০% আৰু অসম চৰকাৰৰ ৫০% টকাৰ ভূক্তভোগী পৰিয়ালক ৫ লাখ টকাকৈ দিয়াৰ ব্যৱস্থা আছে।
আঁচনি খনত উল্লেখিত ৰোগ বোৰৰ ভিতৰত-
কেন্সাৰ,হৃদ ৰোগৰ অপাৰেছন,কিডনি,হাড়ৰ মজ্জা সংৰূপন,এইডছ আৰু অপাৰেছনৰ পিছত হোৱা মানসিক ৰোগৰ চিকিৎসা,জটিল দূঘটনা আদি বহুতো।
আঁচনি খনৰ বাবে যোগ্য হ'বলৈ-
👉অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব
👉ইনকাম ৫ লাখৰ তলৰ হ'ব লাগিব
👉বয়সৰ বাধা নাই
👉পেঞ্চনাৰে ইয়াৰ সুবিধা লাভ কৰিব নোৱাৰিব।
ক'ত ক'ত চিকিৎসা কৰিব পাৰিব-
যিকোনো চৰকাৰী চিকিৎসালয় আৰু চৰকাৰী মনোনীত ব্যক্তিগত চিকিৎসালয়ত অসমৰ লগতে ভাৰতৰ যিকোনো ঠাইতে চিকিৎসা কৰাব পাৰিব।
আবেদন কেনেকৈ কৰিব-
আঁচনি খনৰ প্ৰাপ্য ধন লাভ কৰিবলৈ হ'লে www.nhm.assam.gov.inত ক্লিক কৰি নিৰ্ধাৰিত আবেদন ডাউনলোড কৰি তথা তলত তথ্য সমূহ উল্লেখ কৰি আবেদন খন Mission Director,National Health Mission,Saikia Commercial Complex,Christian Basti,Guwahati-781005 লৈ পঠিয়াব লাগিব।
যাৱতীয় নথিসমূহ-
👉ডাক্টৰৰ প্ৰমাণ পত্ৰ
👉ঠিকনাৰ প্ৰমাণ পত্ৰ
👉চিকিৎসালয়ৰ সমূহ মূল বিল
👉ডিছাৰ্জ লেটাৰ
👉আয়ৰ প্ৰমাণ পত্ৰ
👉প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য যোজনা বা অটল অমৃত কাৰ্ডৰ ফটোকপি
👉বেংক পাছবুকৰ প্ৰথম কপিৰ ফটো
👉প্ৰেছক্সিপছনৰ ফটোকপি আদি।

0 Comments