![]() |
| ফটো-আছামনিউ |
মূখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনি
অলপতে অসম চৰকাৰে ঘোষণা কৰা সৃষ্টিশীল তথা অত্যন্ত প্ৰয়োজনীয় মূখ্যমন্ত্ৰীৰ আন্তনিৰ্ভৰ অসম অভিযান আঁচনি।
খুবেই গুৰুত্বপূৰ্ণ এই আঁচনি খনৰ যোগেদি চৰকাৰী চাকৰিৰ প্ৰতি চকু দিয়াতকৈ নিজেই আনক চাকৰি দিব পৰা ক্ষমতাৰ যুৱক-যুৱতী সকলত উৎসাহিত কৰাৰ চৰকাৰৰ এক উল্লেখযোগ্য প্ৰয়াস।
আৰু তাৰ বাবেই চৰকাৰে যুৱচামক নিজ ইচ্ছা অনুযায়ী ৰাজ্য খনত নতুন উদ্যোগ স্থাপন কৰিবৰ বাবে ৫ লাখ টকালৈকে আৰ্থিক অনুদান দিয়াৰ ব্যৱস্থা কৰিছে এই আত্মনিৰ্ভৰ অসম আঁচনিৰ জড়িয়তে।
এই আঁচনিৰ দ্বাৰা বহু ঊদ্যোগ যেনে- ষ্টেচনাৰী,কৃষি আৰু উদ্যান শস্য,ছাগলী,গাখীৰ,মীনপালন,গাহৰি পালন,কাঠৰ উদ্যোগ,বাগিছা(বাঁহ,ৰবৰ,আগৰ),হাৰ্ডৱেৰ দোকান,পেকেজিং,ফেব্ৰিকেশ্বন,সেৱা খণ্ডকে ধৰি আদি বহুতো।
এনেধৰনৰ উদ্যোগ খুলিব বিছৰা যুৱক-যুৱতী সকলক চৰকাৰে আত্মনিৰ্ভৰ অসম আঁচনিৰ অধিনত এনেদৰে অনুদান দিব-
⭐দশম শ্ৰেণীৰ পৰা স্নাতকলৈকে ২ লাখ টকা
⭐পেছাদাৰী স্থাতক সকলক ৫ লাখ টকা।
মুঠ টকাৰ ৫০% ৰাজ সাহাৰ্য আৰু বাকী ৫০% বেংকৰ সূত বিহীন ঋণ- যিটো খুবেই আকৰ্ষণীয়।
মূখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ বাবে যোগ্যতা-
👉অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব
👉ওপৰত উল্লেখ কৰাৰ দৰে দশম শ্ৰেণীত অধায়ন কৰাৰ পৰা স্থাতক হ'ব লাগিব
👉আধাৰ কাৰ্ড
👉পান কাৰ্ড
👉ভোটাৰ কাৰ্ড
👉নিয়োগ বিনিময় কেন্দ্ৰৰ প্ৰমাণ পত্ৰ
👉শিক্ষাগত প্ৰমাণ পত্ৰ
👉বছেৰেকীয়া আয়ৰ প্ৰমাণ পত্ৰ
👉২০২৩ চনৰ ৩১ ডিচেম্বৰৰ আগতে খোলা বেংকৰ পাছবুক
👉বয়স- ২০২৩ চনৰ ১ এপ্ৰিলৰ হিচাপ মতে সাধাৰন শ্ৰেণীৰ বাবে ২৮-৪০ বছৰ আৰু এচচি/এছটি/অবিচিৰ বাবে ২৮-৪৩ বছৰ।
এই আঁচনিৰ বাবে আবেদন কৰিবলৈ নিজৰ মবাইল পৰাই cmaaa.assam.dov.in যোগে সহজেই আবেদন কৰিব পাৰি।
মন কৰিব লগীয়া যে কাৰোবাৰ যদি আবেদন কৰাৰ সময়ত বেংক ঋণ লোৱা আছে তেতিয়াহ'লে এই আঁচনিৰ বাবে যোগ্য নহব।
আৰু এটা পৰিয়ালৰ এজন যোগ্য ব্যক্তিয়েহে আবেদন কৰিব পাৰিব।
বি.দ্ৰ- কাৰিকৰী ডিপ্লমা,আইটিআই আৰু পলিটেকনিক উৰ্তীৰ্ণ প্ৰাৰ্থী সকলকো এই আঁচনিত স্থান দিয়া হৈছে।

0 Comments