
ফটো ক্ৰেডিট-লাইভলং
অটল অমৃত যোজনা স্থাস্থ্য বীমা আঁচনি

অসম চৰকাৰৰ এখন অন্যতম জন কল্যাণ মূলক আঁচনি অটল অমৃত অভিযান স্থাস্থ্য বীমা যোজনা আঁচনি, যি খনৰ সহায় বহু কেইটা বেমাৰৰ সুলভ চিকিৎসা পাব পাৰি।
এই আঁচনিৰ বাবে যোগ্য হ'বলৈ -
👉অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব।
👉বিপিএল আৰু এপিল ৰেছন কাৰ্ড থাকিব লাগিব।
ইয়াৰে বিপিএল পৰিয়াল, যদি বছেৰেকীয়া আয় ১ লাখ ২০ হাজাৰৰ ভিতৰত থাকে তেনেহলে তেওঁলোকে বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰিব।
আৰু যদি এপিএল পৰিয়াল যাৰ বছেৰেকীয়া আয় ৫ লাখ টকাৰ ভিতৰত থাকে তেনেহলে তেওঁলোকে বছৰত এবাৰ ১০০ টকা প্ৰিমিয়াম দি অটল অমৃত বীমা আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব।
অৱশ্যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে অটল অমৃত আঁচনিৰ বাবে যোগ্য নহব।
এই অটল অমৃত স্থাস্থ্য বীমা আঁচনিৰ প্ৰয়োজনীয় নথি হৈছে-
⭐ভোটাৰ কাৰ্ড
⭐আধাৰ কাৰ্ড
⭐আয়ৰ প্ৰমাণ পত্ৰ
⭐চিকিৎসকৰ প্ৰমাণ পত্ৰ
⭐ৰেছন কাৰ্ড
⭐সৰু-সৰু ল'ৰা-ছোৱালীৰ জন্মৰ প্ৰমাণ পত্ৰ
⭐বেংকৰ পাছবুক আদিয়েই প্ৰধান।
অটল অমৃত স্থাস্থ্য অভিযান বীমা আঁচনিৰ অনলাইন যোগে তলৰ লিংকটোৰ দ্বাৰা আবেদন কৰিব পাৰিব।
https://www.assam.gov.in
২০১৬ চনৰ ২৫ ডিচেম্বৰত আৰম্ভনি কৰা এই আঁচনি খনত সৰু-বৰ জটিল ৪৩৭ ৰোগৰ চিকিৎসাৰ বাবে চৰকাৰ বাচনি কৰিছে।
এই অটল আঁচনিৰ অধিনত একল চৰকাৰী চিকিৎসালয়তে নহয় ব্যক্তিগত চিকিৎসালয়তো ৰোগীৰ চিকিৎসা কৰিব পাৰি।
গতিকে নিজেও জানক, আনকো ইয়াৰ বিষয়ে জানিবলৈ দিয়ক🙏। ওচৰৰ চিএছচি মানে কম্পিউটাৰ দোকানলৈ গৈ সময়ত আবেদন কৰক।
0 Comments