অৰুণোদয় আঁচনি
মহিলা সকলক আৰ্থিক ভাৱে সহায় কৰা এখন জনপ্ৰিয় আঁচনিয়েই হৈছে-অৰুণোদয়।
বৰ্তমান অসমত চলি থকা এখন জনপ্ৰিয় আঁচনি। ২০২০ চনৰ ২ অক্টোবৰত শুভাৰাম্ভ কৰা এই আঁচনি খনৰ যোগেদি এতিয়ালৈকে প্ৰায় ৪০ লাখ মহিলাই মাহিলী সাহাৰ্য চৰকাৰৰ ফালৰপৰা পোনপতিয়াকৈ পায় আহিছে।
এই আঁচনি খন মাত্ৰ অভাৱ গ্ৰস্থ মহিলাৰ বাবেহে প্ৰচলন কৰা হৈছে। যাতে মহিলা সকলে মাহেকত নিজেই দাইল ঔষধপাতি আদি কিনি লব পাৰে।
প্ৰথমতে অৰুণোদয় আঁচনি খন ৮৫০ টকাৰে আৰম্ভ কৰা হৈছিল যদিও চৰকাৰে বৰ্তমানে ইয়াৰ পৰিমান ১২০০ টকা কৰিছে। আৰু এই ১২০০ টকা প্ৰত্যেক মাহৰ ১০ তাৰিখে চৰকাৰৰ ফালৰ পৰা হিতাধীকাৰীৰ বেংঙ্ক একাউণ্টত পোনে সোমোয়াই দিয়া হ'য়।
আঁচনি খনৰ বাবে থাকিব লগীয়া যোগ্যতা হৈছে-
১. মহিলা গৰাকী দৰিদ্ৰ সীমা ৰেখাৰ অধীন হ'ব লাগিব।
২. ৰেছন কাৰ্ড থাকিব লাগিব।
৩. বেংকৰ পাছবুক থাকিব লাগিব।
৪. আধাৰ,পান আৰু থাকিব লাগিব।
৫. অসমৰ বাসিন্দা হ'ব লাগিব।
এই আঁচনিৰ বঞ্চিত হ'ব লাগিব সেইসকল যিসকলৰ ঘৰত-
👉কাৰোবাৰ চৰকাৰী চাকৰি আছে
👉চাৰিচকীয়া গাড়ী আছে
👉ফ্ৰিজ, ৱাশ্বিং মেচিন আছে
👉খেতিৰ মাতি জোখতকৈ বেছি আছে ইত্যাদি।
উল্লেখযোগ্য যে এই আঁচনি খনত অবিবাহিতা আৰু বিধৱা মহিলা সকলকো ইয়াৰ সুবিধা দিয়া হৈছে।
অৰুণোদয়ৰ বাবে আবেদন কৰিবলৈ গাৱঁৰ ক্ষেত্ৰত ৱাৰ্ড মেম্বাৰ আৰু নগৰ এলেকাৰ ক্ষেত্ৰত কাউঞ্চিলাৰৰ যোগেদিহে আবেদন কৰাৰ একমাত্ৰ পথ। যিহেতু এতিয়ালাকৈ অনলাইন যোগে আবেদন কৰাৰ ব্যৱস্থা নাই।
গতিকে...

0 Comments