গল্ডেন আৱাৰ আঁচনি

 
গল্ডেন-আৱাৰ-আঁচনি
গল্ডেন আৱাৰ আঁচনি


গল্ডেন আৱাৰ আঁচনি


অসম চৰকাৰৰ এখন যোগান্তকাৰী তথা অত্যন্ত গুৰুত্বপূৰ্ণ জৰুৰীকালীন চিকিৎসা আঁচনি-"গল্ডেন আৱাৰ"।

দূৰ্ঘটনাত গুৰুত্বৰ ভাৱে মগজুত আঘাট পোৱা লোকৰ বাবে এঘণ্টাৰ ভিতৰত মগজুৰ চিকিৎসাৰ লগতে ৭ দিনৰ বাবে ১ লাখ ৫০ হাজাৰ টকা চিকিৎসালয়ত চৰকাৰে তৎক্ষণাত আদায় দিয়ে "গল্ডেন আৱাৰ" আঁচনিৰ অধিনত।

আঁচনিখনত বিষেশকৈ মটৰ দূৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকৰ বাবে প্ৰস্তুত কৰা হৈছে। দূৰ্ঘটনাত মূৰত গুৰুত্বৰ ভাৱে আঘাত পালে হ'য় ক'মা বা মৃত্যু পয্যন্ত হ'ব পাৰে। তেনে পৰিস্থিতিত জখম হোৱা জনক তৎকালীন ভাৱে উচিৎ চিকিৎসা তথা ভুক্তভূগিৰ পৰিয়ালক সকাহ দিয়াৰ উদ্দেশ্যেই এই " গল্ডেন আৱাৰ"।

যোৱাবছৰ আৰম্ভনি কৰা আঁচনিখনত এঘণ্টাৰ সু-চিকিৎসাৰ উপৰিও দূৰ্ঘটনাত পৰা ব্যক্তিজনক ৭ দিনৰ চিকিৎসাৰ ব্যয় বহন কৰিব অসম চৰকাৰে।

এই জৰুৰীকালীন চিকিৎসাৰ বাবে অসম চৰকাৰে এতিয়ালৈকে ৪৬ খন চিকিৎসালয় মনোনীত কৰিছে। যিবোৰত মগজুৰ গুৰুত্বৰ জৰুৰীকালীন চিকিৎসা কৰিব পাৰি।

কিন্তু আচল কথাটো হ'ল গাড়ী মটৰৰ ক্ষেত্ৰত সদায়েই সচেতন তথা সাৱধান হোৱা উচিৎ।

আঁচনিখনৰ বিষয়ে মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰিয়াই এস্কত এনেদৰে লিখে-

Post a Comment

0 Comments