নিযুত মইনা আঁচনি

 
নিযুত-মইনা-আঁচনি
নিযুত মইনা আঁচনি


নিযুত মইনা আঁচনি

অসম চৰকাৰৰ আন এখন উল্লেখযোগ্য আঁচনি-নিযুত মইনা। এই আঁচনি খন কেৱল মাত্ৰ ছাত্ৰীক লৈহে প্ৰস্তুত কৰা হৈছে।

এই আঁচনি খনৰ যোগে চৰকাৰে অভাৱগ্ৰস্ত পৰিয়ালৰ ছাত্ৰীক বিদ্যালয়,মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত বিনাচিন্তাই অধ্যয়ন কৰিবলৈ আৰ্থিক সহায় দিবলৈ লক্ষ্য লৈছে।

ছাত্ৰী সকলে পাব লগীয়া আৰ্থিক সাহায্য এনেধৰনৰ-


১. একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে মাহিলী ১০০০ টকাকৈ

২. স্নাতক প্ৰথম বাৰ্ষিকৰ ছাত্ৰীয়ে মাহিলী ১২৫০ টকাকৈ

৩. স্নানকোত্তৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰীয়ে মাহিলী ২৫০০ টকাকৈ লাভ কৰিব।

মন কৰিব লগীয়া যে জুন আৰু জুলাই মাহত এই টকা নাপাব। অৰ্থাৎ ইয়াক ১০ মাহৰ বাবে ঠিক কৰা হৈছে আৰু লগতে কোনো কাৰনত স্কুল-কলেজ মাহ যোৰাকৈ বন্ধ হলেও আঁচনি খনৰ মাহেকীয়া টকাটো পোৱা নাযাব।

কোন-কোন ইয়াৰ বাবে যোগ্য হ'ব-

👉অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব

👉চৰকাৰী বিদ্যালয় বা মহাবিদ্যালয়ত নাম ভৰ্তি কৰা হ'ব লাগিব

👉অভিভাৱকৰ আয়ৰ ওপৰত নিৰ্ভৰ কৰিব।

কোনে কোনে নাপাব-

❌বিবাহিত সকলে

❌স্কুটী লোৱা সকলে

❌ব্যক্তিগত স্কল কলেজত নামভৰ্তি কৰা সকলে

❌অভিভাৱক বিধায়ক/মন্ত্ৰী বা সাংসদ সকলে

❌চাকৰি কৰা বা বি এডত প্ৰবেচন কৰা সকলে।

তাতোতকৈ ডাঙৰ কথা হৈছে আঁচনি সুবিধা লোৱা ছাত্ৰী সকলে ৰেগিং,শ্ৰেণীত অনুপস্থিত,অনুষ্ঠানৰ নীতি-নিয়ম অমান্য কৰিলে লগে লগে আঁচনি খনেই নাকচ হৈ যাব।

আবেদন কেনেকৈ কৰিব লাগিব-

আবেদন কৰিবলৈ হ'লে বিদ্যালয়-মহাবিদ্যালয়ৰ পৰায় ফৰ্ম লব পাৰিব। সঠিককৈ সম্পূৰ্ণ কৰি অনুষ্ঠানৰ হাতত নিদিষ্ট সময়ত জমা দিব লাগিব।

যাৱতীয় নথি সমূহৰ উপৰিও বেংকৰ পাছবুক দিব লাগিব। কিয়নো চৰকাৰে পোনে পোনে নিজৰ নিজৰ বেংক একাউণ্টত প্ৰত্যেক মাহত পইছা পঠিয়াই থাকিব।

ঠিক দ্বিতীয় বাৰ্ষিকৰ বাবে পুনৰ আবেদন কৰাৰ প্ৰয়োজন নহব মাত্ৰ অনুষ্ঠানৰ মূৰব্বীৰ এখন প্ৰমাণ সময়ত দিলেই হ'ল।

যোৱা বছৰ আৰম্ভণি কৰা নিযুত মইনা আঁচনি খনৰ যোগে অভিভাৱক সকলক অলপ সকাহ দি অসমৰ ছাত্ৰী সকলক শিক্ষিত কৰি সু নাগৰিক কৰাৰ লক্ষ্য লোৱাৰ লগতে অসমৰ সমাজৰ বাল্য বিবাহ নাইকীয়া কৰি দেশৰ ভিতৰতে ছাত্ৰীৰ শিক্ষিত হাৰ বৃদ্ধি কৰা ইত্যাদি।

গতিকে চিন্তা কিহৰ! আৰামত পঢ়িলেই হ'ল।


Post a Comment

0 Comments