![]() |
| ফটো-নিউজডায়েৰী |
NAVYA আঁচনি
যোৱাকালি ২৪ জুনত ভাৰত চৰকাৰে আৰম্ভ কৰা NAVYA(Nuturing Aspirations thriugh Vocational Training for Young Adolescent Girls)ৰ দ্বাৰা ভাৰতৰ কিশোৰী সকলক স্বাৱলম্বন কৰাৰ লক্ষ্য লোৱা হৈছে।
এই আঁচনিৰ যোগ্যতা হৈছে-
👉দশম শ্ৰেণী উত্তীৰ্ণ
👉১৬ ৰ পৰা ১৮ বছৰ হ'ব লাগিব
👉প্ৰয়োজনীয় নথিপত্ৰ
👉ভাৰতীয় নাগৰিকত্ব থাকিব লাগিব।
NAVYAৰ যোগে প্ৰক্ষিশন পাব লগীয়া শিতান সমূহ হৈছে-
⭐গ্ৰাফিক ডিজাই
⭐হেণ্ড এম্ব্ৰডাৰী
⭐টেলিকম আৰু বিত্তীয় সেৱা
⭐স্মাৰ্টফোন আৰু ড্ৰোণ এছেম্বলি
⭐সৌৰ পিভি আৰু চিচিটিভি স্থাপনৰ উন্নত মানৰ প্ৰক্ষিশণ গ্ৰহণ কৰিব পাৰিব।
💯আৰু প্ৰক্ষিশণৰ শেষত একোখনকৈ প্ৰমাণ পত্ৰ দিয়া হ'ব।
উল্লেখযোগ্য যে প্ৰমাণ পত্ৰ পোৱা সকলে নিজাকৈ উদ্যোগ বা ব্যৱসায় কৰিবলৈ বিছাৰিলে চৰকাৰে আৰ্থিক সহায় কৰিব।
তাৰোপৰি চৰকাৰে বিভিন্ন ৰাজহুয়া বা ব্যক্তিগত কোম্পানীত নিয়োগ কৰাৰ ব্যৱস্থাও কৰিব।
নাভিয়াৰ বাবে আবেদন-
ইয়াত নামভৰ্তি কৰিবলৈ হলে নিজৰ মবাইল/লেপটপ বা ওছৰৰ CSCৰ যোগে আবেদন কৰিব পাৰিব।
অৱশ্যে অসমকে ধৰি ভাৰতৰ ১৯ খন ৰাজ্যৰ ২৭ জিলাত ইয়াৰ কামকাজ আৰম্ভ কৰা হৈছে যদিও দেশযোৰী ইয়াৰ প্ৰসাৰ সোনকালেই হোৱাৰ সম্ভাৱনা আছে।
নাভিয়াৰ উদ্দেশ্যই হৈছে উন্নত মানৰ প্ৰক্ষিশনেৰে সৰু সৰু ছোৱালী বিলাকক আত্মবিশ্বাসী,স্বতন্ত তথা উদ্যোগী কৰি ২০৪৭ চনত ভাৰতক উন্নত ৰাষ্ট্ৰ গঢ়াত বৰঙনি যোগোৱাত উৎসাহিত কৰা।

0 Comments