
SHREYAS আঁচনিৰ উচ্চ শিক্ষাৰ আৰ্থিক সাহায্য(Image-AI)
SHREYAS-আঁচনি

থোৰতে: অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ডাঙৰ খবৰ: 'SHREYAS' আঁচনিৰ অধীনত বিনামূলীয়া ক'চিং আৰু বিদেশত পঢ়াৰ সুবিধা!
কি কি আছে ইয়াত?
উচ্চ শিক্ষা আৰু প্রতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আৰ্থিক অনাতন যাতে কোনো ছাত্ৰ-ছাত্ৰীৰ হেঙাৰ হ'ব নোৱাৰে, তাৰ বাবে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সশক্তিকৰণ মন্ত্ৰালয়ে কাৰ্যকৰী কৰিছে 'শ্রেয়াছ' (SHREYAS-Scholarships for Higher Education for Young Achievers SCHEME) ছত্ৰ-আঁচনি। এই আঁচনিৰ অধীনত অনুসূচিত জাতি (SC) আৰু অন্যান্য পিছপৰা শ্ৰেণী (OBC) ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক ৪খন বিশেষ উপ-আঁচনিৰ জৰিয়তে বিত্তীয় সাহায্য আৰু বিনামূলীয়া ক'চিং প্ৰদান কৰা হয়।
'SHREYAS' আঁচনিৰ ৪খন মূল উপ-আঁচনি আৰু সবিশেষ:
১/ SC আৰু OBC ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া ক'চিং (Free Coaching Scheme):
- উদ্দেশ্য: প্ৰতিযোগিতামূলক পৰীক্ষা আৰু বৃত্তিগত পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে মানসম্পন্ন ক'চিং।
- আসন সংখ্যা: প্ৰতি বছৰে ৩,৫০০ খন আসন।
- সংৰক্ষণ: SC আৰু OBC ৰ অনুপাত ৭০:৩০, আৰু প্ৰতিটো শ্ৰেণীত ৩০% আসন মহিলাৰ বাবে সংৰক্ষিত।
- পৰিয়ালৰ আয়ৰ সীমা: বাৰ্ষিক সৰ্বোচ্চ ৮ লাখ টকা তলৰ।
- পৰিচালনা: ড° আম্বেদকাৰ ফাউণ্ডেচন (DAF) ৰ জৰিয়তে কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত কাৰ্যকৰী।
২/ SC শিক্ষাৰ্থীৰ বাবে উচ্চ পৰ্যায়ৰ শিক্ষা (Top Class Education for SCs):
- উদ্দেশ্য: দ্বাদশ শ্ৰেণীৰ পিছত দেশৰ শীৰ্ষ প্ৰতিষ্ঠানত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ বিত্তীয় সাহায্য।
- প্ৰতিষ্ঠান: IIT, IIM, NIT, AIIMS, NLU সহ ২৬৬ টা শীৰ্ষ প্ৰতিষ্ঠান।
- সাহায্যৰ পৰিমাণ: সম্পূৰ্ণ টিউচন ফি (বেচৰকাৰী প্ৰতিষ্ঠানত সৰ্বোচ্চ ২ লাখ)। প্ৰথম বছৰত ৮৬,০০০ টকা আৰু পৰৱৰ্তী বছৰবোৰত ৪১,০০০ টকাকৈ একাডেমিক এলাউঞ্চ।
- আবেদনৰ মাধ্যম: নেচনেল স্কলাৰশ্বিপ প'ৰ্টেল (scholarships.gov.in)।
৩/ নেচনেল অভাৰছিজ স্কীম (National Overseas Scheme for SCs):
- উদ্দেশ্য: বিদেশত স্নাতকোত্তৰ আৰু Ph.D. পঢ়াৰ বাবে আৰ্থিক সাহায্য।
- আসনৰ সংখ্যা: মুঠ ১২৫ টা (SC: ১১৫, যাযাবৰী/অৰ্ধ-যাযাবৰী জনজাতি: ৬, ভূমিহীন কৃষি শ্ৰমিক/কাৰিকৰ: ৪)।
- যোগ্যতা: QS ৱৰ্ল্ড ৰেংকিং ৫০০০ ৰ ভিতৰৰ বিশ্ববিদ্যালয়ত নামভৰ্তি, অৰ্হতা পৰীক্ষাত ৬০% নম্বৰ, বয়স ৩৫ বছৰতকৈ কম আৰু পৰিয়ালৰ আয় ৮ লাখতকৈ কম।
- সুবিধা: টিউচন ফি, থকা-খোৱাৰ খৰচ, ভিছা ফি আৰু বিমানৰ টিকট।
৪/ SC শিক্ষাৰ্থীৰ বাবে নেচনেল ফেল'শ্বিপ (National Fellowship for SCs):
- উদ্দেশ্য: ভাৰতীয় বিশ্ববিদ্যালয়সমূহত M.Phil. আৰু Ph.D. গৱেষণাৰ বাবে আৰ্থিক সাহায্য।
- আসন: প্ৰতি বছৰে ২,০০০ নতুন আসন (বিজ্ঞানৰ বাবে ৫০০, কলা/মানৱীয় শাখাৰ বাবে ১,৫০০)।
- যোগ্যতা: UGC-NET-JRF বা UGC-CSIR Joint Test উত্তীৰ্ণ।
- জলপানিৰ পৰিমাণ: JRF ৰ বাবে মাহে ৩৭,০০০ টকা আৰু SRF ৰ বাবে মাহে ৪২,০০০ টকা।
শ্ৰেয়াস স্কলাৰশ্বিপৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ (Documents Required for SHREYAS Scholarship)
শ্ৰেয়াস আঁচনিৰ অধীনত স্কলাৰশ্বিপৰ বাবে আবেদন কৰাৰ সময়ত নিম্নলিখিত নথিপত্ৰবোৰ লাগিব:
- আধাৰ কাৰ্ড: পৰিচয় আৰু বসতিৰ প্ৰমাণৰ বাবে।
- আয়ৰ প্ৰমাণপত্ৰ: পৰিয়ালৰ বাৰ্ষিক আয় নিৰ্ধাৰিত সীমাৰ ভিতৰত (কিছুমান উপ-আঁচনিৰ বাবে বছৰি ৮ লাখৰ তলৰ) থকাৰ প্ৰমাণ পত্ৰ।
- জাতিৰ প্ৰমাণপত্ৰ: OBC, SC আদি সংৰক্ষিত শ্ৰেণীৰ আবেদনকাৰীৰ বাবে বাধ্যতামূলক।
- শৈক্ষিক মাৰ্কশ্বিট/প্ৰমাণপত্ৰ: শেহতীয়া উত্তীৰ্ণ পৰীক্ষাৰ (দশম, দ্বাদশ, স্নাতক বা স্নাতকোত্তৰ) মাৰ্কশ্বিট।
- নামভৰ্তিৰ প্ৰমাণ/পত্ৰ: স্বীকৃত প্ৰতিষ্ঠান বা বিশ্ববিদ্যালয়ৰ পৰা আনুষ্ঠানিক নামভৰ্তিৰ প্ৰমাণ পত্ৰ।
- যোগ্যতাৰ প্ৰমাণ (যদি প্ৰযোজ্য): ফেলোশ্বিপৰ বাবে UGC-NET, CSIR-NET আদিৰ স্ক'ৰকাৰ্ড।
- বেংক একাউণ্টৰ সবিশেষ: আধাৰৰ সৈতে সংযুক্ত পাছবুক বা বাতিল চেক, যাতে DBT-ৰ জৰিয়তে টকা ল'ব পাৰি।
- পাছপোৰ্ট-ছাইজৰ ফটো: শেহতীয়া ৰঙীন ফটো।
- অক্ষমতাৰ প্ৰমাণপত্ৰ: কেৱল PwD শ্ৰেণীৰ আবেদনকাৰীৰ বাবে বাধ্যতামূলক
এই সকলো নথিপত্ৰ প্ৰস্তুত ৰাখিলে শ্ৰেয়াস স্কলাৰশ্বিপৰ বাবে আবেদন প্ৰক্ৰিয়া সহজ আৰু দ্ৰুত হ'ব।
সঘনাই সোধা প্ৰশ্ন(FAQ)
প্ৰশ্ন ১: SHREYAS আঁচনিৰ বাবে পৰিয়ালৰ সৰ্বোচ্চ আয়ৰ সীমা কিমান?
উত্তৰ: অধিকাংশ উপ-আঁচনিৰ বাবে আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় সৰ্বোচ্চ ৮ লাখ টকা হ'ব লাগে।
প্ৰশ্ন ২: বিদেশত পঢ়িবলৈ নেচনেল অভাৰছিজ স্কীমৰ বাবে কি কি যোগ্যতা লাগে?
উত্তৰ: QS ৰেংকিং ৫০০ ৰ ভিতৰত থকা বিদেশী বিশ্ববিদ্যালয়ত নামভৰ্তি, অৰ্হতা পৰীক্ষাত ন্যূনতম ৬০% নম্বৰ আৰু বয়স ৩৫ বছৰৰ তলৰ হ'ব লাগে।
প্ৰশ্ন ৩: Top Class Education আঁচনিৰ আবেদন কেনেকৈ কৰিব লাগে?
উত্তৰ: নেচনেল স্কলাৰশ্বিপ প'ৰ্টেল (scholarships.gov.in) ৰ জৰিয়তে অনলাইন আবেদন জনাব পৰা যায়।
sc obc ছাত্ৰ-ছাত্ৰীৰ বাবে shreyas আঁচনিৰ সুবিধা, ৰাষ্ট্ৰীয় বহিঃৰাজ্য বৃত্তি sc যোগ্যতাৰ নিৰ্দেশনা, বিনামূলীয়া কোচিং আঁচনি dosje gov পৰ্টেলৰ আপডেটত
0 Comments